ধৰ্মীয় গোড়ামী। শব্দটো তেনেই সহজলভ্য। সততে ব্যৱহাৰ হোৱা তিনিটা বৰ্ণৰে গঠিত এটা শব্দ। ব্যক্তি বিশেষে ইয়াৰ অৰ্থ বেলেগ বেলেগ। মোৰ ধৰ্ম যিহেতু ইছলাম, গতিকে মই ইছলাম ধৰ্মৰ গোড়ামীৰ সৈতে বেছি পৰিচিত।
পৃথিৱী সৃষ্টিৰ পিছৰ পৰা যোগে যোগে বহুকেইজন ইছলাম ধৰ্ম প্ৰচাৰক (নবী) আবিৰ্ভাৱ হৈছে আৰু তাৰে শেষৰ জন নবী হজৰত মহম্মদ (ছঃ)। ইছলাম ধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ কোৰআন। তাৰ মাজতে কেইবাটাও হাদীছৰ গ্ৰন্থ আছে, যেনেঃ বোখাৰী শ্বৰীফ, মুন্তাখাব হাদীছ, তিৰমিযী শ্বৰীফ, ফাজাইলে আমল ইত্যাদি ইত্যাদি। কোৰআন মৌলিক গ্ৰন্থ যদিও আৰু হাদিছৰ এই কিতাপ সমূহক বহুত সময়ত ইয়াৰ ব্যাখ্যা হিচাপেও অভিহিত কৰা হয়। হাদিছ বিষয়ৰ ওপৰত জ্ঞান থকা বা পাণ্ডিত্য থকা ব্যক্তিক মুহাদ্দিছ বা মুফতি বোলা হয়। তেওঁলোকে ইছলাম ধৰ্মৰ ওপৰত গৱেষণা কৰি সময়ে সময়ে নতুন নতুন তথ্য আৱিষ্কাৰ কৰি সমাজ খনক জ্ঞানৰ আলোকৰে আলোকিত কৰে।
এতিয়া আহো মূল কথালৈ।
মুছলমান সমাজখনত এনে কিছু লোক (মোল্লা) আছে, যিসকলৰ হাদীছ কোৰআনৰ কোনো জ্ঞান নথকা স্বত্বেও কাৰোবাৰ পৰা শুনা কিছুমান কথাৰ ওপৰত ভিত্তি কৰি নিজকে জাহিৰ কৰিবলৈ সমাজখনত হাদীছ কোৰআনৰ ভূল ব্যাখ্যা প্ৰচাৰ কৰা প্ৰায়েই দেখা যায়। আৰু নিজেও কোনো সত্য সত্যতাৰ প্ৰমান কৰিবলৈ চেষ্টা নকৰি তেনে মোল্লাক অন্ধ ভক্তৰ দৰে অনুসৰণ কৰে এচাম মানুহে। হাদীছ কোৰআনৰ জ্ঞান আহৰণ কৰিবলৈ চেষ্টা নকৰি, এচাম জ্ঞানশূন্য মোল্লাৰ কথাকে অন্ধভাৱে অনুসৰণ অনুকৰণ কৰি, তেওঁ কোৱা সকলো কথা সচাঁ বুলি মানি লৈ তেওঁৰ পদাংক অনুসৰণ কৰি জান্নাতৰ টিকট বিচাৰি ফুৰাকে ধৰ্মান্ধ বা ধৰ্মীয় গোড়ামী বা ভণ্ড বুলি অভিহিত কৰা হয়।
এইখিনিতে এটা কথা মনলৈ আহে। এজাজ খান অভিনীত "Ya Rab" বোলছবি খনত এজন ভদ্ৰ মূখাধাৰী মোল্লাৰ কথাত বেহেস্তৰ টিকট বিচাৰি যুবক এজনে চহৰ এখনো জ্বলাই দিবলৈও এবাৰো ভৱা নাছিল। ছবিখনত এনে ধৰ্মীয় গোড়ামীৰ সুন্দৰ ছবি প্ৰতিফলিত হৈছে। (লিংক তলত দিয়া হ'ল) Ya Rab Movie

কোৰআন নাজিলৰ সময়ত প্ৰথম শব্দটো আছিল "ঈকৰা" যাৰ অৰ্থ "পঢ়া"। কোৰআনত আৰু কোৱা হৈছে শিক্ষা গ্ৰহণ কৰিবলৈ হ'লে যদি তুমি চীন দেশলৈকে যাবলগীয়া হয়, যোৱা। কিন্তু শিক্ষা গ্ৰহণ কৰিবলৈ পিছুৱাই নাথাকিবা। তেনে ক্ষেত্ৰত জ্ঞান আৰু ডিগ্ৰীৰ ওজন নকৰি এচাম লোকৰ কথাতে জান্নাতৰ টিকট বিচাৰি ফুৰাটো কিমানদূৰ যুক্তিসংগত?