ৰাজনৈতিক নেতা সকলক জ্ঞান দিবলৈ মোৰ জ্ঞান খুবেই কিঞ্চিত। তথাপিও ভৱিষ্যতে ৰাজনীতিৰ বোকাময় পথাৰত পদাৰ্পণ কৰিবলৈ কুচকাৱাজ চলাই থকা সংখ্যালঘু নেতাসকলৰ জ্ঞাতাৰ্থে আৰু সমাজৰ হিতৰ কথা চিন্তা কৰিয়ে এটা উপায় দিছো। আপুনি প্ৰতিনিধিত্ব কৰিব বিচৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত মহিলা সকলৰ "দ্বীনি শিক্ষাৰ" লগতে বিভিন্ন সজাগতা সৃষ্টিৰ বাবে বিশেষ ব্যৱস্থা কৰি দিয়ক। অনাগত দিনত আপুনি এইসকল আই মাতৃৰ ভোট, দোৱা দুয়োটাই পাব আৰু অন্ধকাৰাচ্ছন্ন সমাজখনে আপোনাৰ বাবে জ্ঞানৰ পোহৰ পাব। Belive me, it will give you the best return ever. নিৰ্বাচনৰ সময়ত লাখ টকা খৰছ কৰিও ইমান ভোট আপুনি লাভ কৰিবলৈ সক্ষম নহয়, এইখিনি মহৎ কাম কৰিলে আপোনাৰ যিমান মুনাফা হ'ব।
বন্ধন গোটৰ মেনেজাৰে যদি গাঁৱৰ মহিলাসকলক একগোট কৰিব পাৰে, আপুনি কিয় নোৱাৰিব? নোৱাৰে যদি, তেন্তে কিহৰ নেতা আপুনি?
পাইলট প্ৰজেক্ট হিচাপে প্ৰথমে আপোনাৰ গাঁওখনৰ পৰাই আৰম্ভনী কৰকচোন।
মই বিনামূল্যে কাকো Business বা Politics ৰ Data, Idea, information নিদিওঁ, যদিও সমাজ, শিক্ষা আৰু ইছলাম বৃহত্তৰ স্বাৰ্থৰ খাতিৰত এইখিনি Idea দিবলৈ চেষ্টাহে কৰিছো। কথাটো অলপ মন কৰিব। It's a political cum social reformation strategy.
জানো আপোনাৰ টকা পইচা বহুত আছে, কিন্তু সমাজৰ সমস্যাবোৰ আপুনি কাঁচ ঢকা গাড়ীত বহি লক্ষ্য কৰে আৰু মই নিচেই কাষৰে পৰা পৰ্যবেক্ষণ কৰো, এয়াই আমাৰ পাৰ্থক্য। এনেকুৱা ধাৰণা টকাৰ বিনিময়ত ক্ৰয় কৰিব নোৱাৰে। প্ৰথমে মানুহৰ মন জয় কৰিবলৈ চেষ্টা কৰক, ভোট আৰু দোৱা-আশীৰ্বাদ আপোনা আপুনি আহিব। সমাজখন পৰিৱৰ্তন কৰক, ৰাজনীতি কৰিব নালাগে, ৰজাৰ দৰে আজীৱন ৰাজ কৰিব পাৰিব।