তুমি নাৰী।
তুমি অনন্যা।
তোমাৰ সহনশীলতা শক্তি আছে বাবেই, নিজৰ মৰমৰ ঘৰখন এৰি
লোকৰ ঘৰলৈ আহি, নিজৰ সপোনবোৰ জলাঞ্জলী দি,
চিৰদিনৰ বাবে "এডজাষ্ট" কৰিৱলগীয়া হয় নিজৰ জীৱনৰ লগত!
তোমাৰ মায়াবিনী যাদু আছে বাবেই হয়তো তুমি
নিজৰ মৰমৰ মাক দেউতাক এৰি থৈ আহি
পৰৰ ঘৰক আপোন কৰি লোৱাত পলম নকৰা।
তুমি নাৰী।
তুমি অনন্যা।
লোকৰ সুখৰ বাবে, নিজৰ দুখ বেদনাকো পাহৰি,
তুমি হাঁহি মুখেৰে পাৰ কৰিব পাৰা নিজৰ জীৱন।
নিজে দুখত থাকিলেও লোকৰ দুখৰ সমভাগী হ'বলৈ
কেতিয়াঁও কুন্ঠাবোধ নকৰা এগৰাকী মহীয়সী তুমি!
তুমি নাৰী।
তুমি অনন্যা।
জন্মৰ পৰা মৃত্যুলৈ তোমাক কেবল মাত্ৰ
অত্যাচাৰ, অবহেলা, অমানৱীয় আচৰণ কৰিছে এই সমাজে।
তথাপিও তুমি সমাজ খনত বিলাই গৈছা মাতৃত্বৰ মমতা।
তুমি পুৰুষৰ তুলনাত অধিক শক্তিশালী আৰু ধৈৰ্য্যশীল।
সেয়েহে কিজানি গৰ্ভধাৰণ আৰু প্ৰসৱৰ ক্ষমতা তোমাকে প্ৰদান কৰিছে প্ৰকৃতিয়ে।
তুমি নাৰী।
তুমি সঁচাকৈয়ে অনন্যা।
আন্তজাৰ্তিক নাৰী দিৱস উপলক্ষে
প্ৰতিগৰাকী নাৰীক আলেখ অযুত শুভকামনা জনালো।
ধন্যবাদ।
