“Success”ৰ সংজ্ঞা ব্যক্তি বিশেষে বেলেগ বেলেগ। কাৰোবাৰ বাবে 5 figure ৰ salary মানে Success! কাৰোবাৰ বাবে নিজৰ প্ৰেয়সীক বিয়া পাতা মানে Success! কাৰোবাৰ বাবে সপোনৰ গাড়ী, বাংলা এখন কিনিব পৰাটো Success! কাৰোবাৰ বাবে শৈশৱৰ সপোনবোৰ পুৰণ কৰিব পৰা মানে Success! কাৰোবাৰ বাবে আকৌ “ইট কা জৱাব পাত্থৰ ছে দেনা” মানেও Success!


এতিয়া আহোঁ মূল কথালৈ।

কলেজত পঢ়ি থকা দিনত ছচিয়েল মিডিয়াত সৰুসুৰা লিখা মেলা কৰিছিলো। লেখাবোৰ দেখি দাদা এজনে ক’লেঃ “তুমি দেখোন ধুনীয়া লিখা। বাতৰি কাকতত লিখিব পাৰা। ৰবা মই নম্বৰ এটা দিছো এইটো নম্বৰত ফোন কৰি মোৰ পৰিচয় দি কবা যে তুমি বাতৰি কাকতত লিখিব বিচৰা বুলি।”
দাদাজনে কোৱাৰ দৰেই মাজে সময়ে ই-মেইল যোগে বিভিন্ন লিখনি, আমাৰ অঞ্চলৰ সমস্যাৰ বা-বাতৰি পঠিয়াই সেই ব্যক্তিজনক ফোন কৰিছিলোঁ অাৰু সেই ভদ্ৰলোকজনে” ঠিক আছে চাম দিয়া” বুলি কৈ ফোন থৈ দিছিল। পিছদিনাৰ বাতৰিকাকতৰ পাত লুটিয়াই লিখনি সমূহ বিচাৰি ফুৰিছিলো কিন্তু নাই, প্ৰকাশ হোৱা নাই।
হয়তো মোৰ লিখনিবোৰ চাগে ইমানেই বেছি বেয়া আছিল যে তেওঁলোকে লেখাসমূহ প্ৰকাশ কৰিবলৈ টান পাইছিল। ঠিক আছে বাৰু! কথা নাই। 😊
বাঢ়ি অহা গছ এজোপাত সাৰ-পানী ঢালি থকাৰ পিছতো যদি ভৱিষ্যতে গছজোপা বৃদ্ধি পোৱাৰ কোনো আশা কৰিব নোৱাৰি তেৱে ক্ষেত্ৰত সাৰ-পানী দিৱলৈ মনে নধৰে অাৰু পুলিতে মৰহি যায় গছজোপা।

আজিৰ দিনত ফেচবুক এটা শক্তিশালী গণমাধ্যম। সেয়ে নিজৰ অঞ্চলৰ লগতে অসমৰ বিভিন্ন অঞ্চলৰ সমস্যাৰাজি, গাঁৱে-ভূঞে লুকাই থকা সুপ্ত প্ৰতিভাবোৰ ফেচবুকযোগে প্ৰচাৰ কৰিবলৈ ২০১৫ চনতে Nagaon Live নামেৰে এখনি ফেচবুক পেজ খুলি বিভিন্ন সমস্যাৰাজিৰ কথা প্ৰচাৰ কৰিবলৈ লৈছিলো। কালক্ৰমত ৰাইজৰ অভূতপূৰ্ব সঁহাৰি পাই মনোবল বৃদ্ধি পালে আৰু Nagaon Live নামটো Assam Live কৰি অসমৰ বিভিন্ন ঠাইৰ পৰা সংবাদকৰ্মী বন্ধু সকলৰ সহযোগত আজি এখন পূৰ্ণাংগ অনলাইন ডিজিটেল ৱেব পৰ্টেললৈ উন্নীতকৰণ কৰিবলৈ সক্ষম হৈছো। অসম লাইভৰ এই যাত্ৰাত জাৰিফ খানৰ সহযোগীতা কোনোপধ্যেই নুই কৰিব নোৱাৰি। তেওঁৰ নেতৃত্বত আৰু অসম লাইভৰ টিমৰ সহযোগত তিনিদিনীয়া কাৰ্য্যসূচীৰে নগাঁৱৰ দগাঁৱত (প্ৰথমবাৰৰ বাবে) নৈশ ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি সফলতাৰে সম্পন্ন হৈ যায়।
অসম লাইভৰ পৰা প্ৰচাৰ পাবলৈ বিভিন্ন জনে বিভিন্ন ঠাইৰ পৰা আমালৈ ই-মেইল, ফোন কৰি যোগাযোগ কৰে। কোনোবাই ব্যক্তিগত ভাবে নিমন্ত্ৰণ জনাই। তাৰে ভিতৰত কেইখনমানৰ উদাহৰণ ফটোখনে বহন কৰিছে। অসম লাইভ যদিও আমাৰ “Bread and Butter” ৰ উৎস নহয় তথাপিও ইয়াৰ লগত জড়িত হৈ আছে ৰাইজৰ আবেগ, ভালপোৱা আৰু বিশ্বাস। আমি কোনো ৰাজনৈতিক নেতাৰ পক্ষপাতী নহয়, নহয় চৰকাৰৰ পক্ষত। আমি সদায় সত্যৰ সন্ধানত, গাঁৱে-ভূঞে লুকাই থকা সুপ্ত প্ৰতিভাৰ সন্ধানত। ৰাইজৰ বাবে, ৰাইজৰ পক্ষত চিৰ ব্ৰতী!
Keep Showering Your Love and Blessings to Assam Live.