মই উত্তৰ দিলোঃ বাজাজ ফাইনেন্সত কৰি আছো।
দাদাই টপৰাই উত্তৰ দিলেঃ "ঠিকেই আছে দিয়া, লাগি থাকা কিবা এটাত। কিনো কৰিবা চৰকাৰী চাকৰি নাই।"
মই দাদাক ক'লোঃ দাদা, আমিতো আৰু DlEd পাছ কৰা নাই, গতিকে মাষ্টৰৰ যোগ্যতা নাই আমাৰ, সেয়ে গুৱাহাটীত থাকি-খাই প্ৰাইভেটত কৰি কোনোমতে চলি আছো। আচলতে চাকৰিৰ অভাব নহয়, চাকৰি কৰাৰ বাবে আমাৰ যোগ্যতাৰ অভাব। বিগত তিনিমাহ ধৰি গ্ৰাফিক্স ডিজাইন আৰু ভিডিঅ এডিটিং জনা ল'ৰা এজন বিচাৰি ফুৰিছো ₹20,000 (বিছ হাজাৰ) টকা দৰমহা দিম। কিন্তু বিচাৰি পোৱা নাই। যদি এজন MA পাছ ল'ৰা বিচাৰিলোঁ হেঁতেন, তেন্তে লাইন লাগিল হেঁতেন। এইটোৱেই চাকৰিৰ মাৰ্কেটৰ অবস্থা। বুজিলে দাদা?
কিনো কম আৰু, আপুনি ডাঙৰ মানুহ! আপোনাক বুজাব পৰা জ্ঞান মোৰ নাই!
তথাপিও শুনক দাদা! চৰকাৰী চাকৰিৰ পিছত ঘূৰি মূল্যবান সময় নষ্ট কৰিবলৈ মোৰ সময় নাই। কাৰণ মই কৰবাত পঢ়িছিলো 'Time is Money' আৰু মই বিচাৰোঁ মোৰ লগতে ২/৪ জন স্বাবলম্বী হওঁক। চৰকাৰী চাকৰিয়াল বোৰক মই ৰাইজৰ "গোলাম" বুলি ভাবো। কাৰণ তেওঁ এজন Public Servant আৰু সেই ক্ষেত্ৰত তেওঁ Public ৰ চাকৰ হ'ল নে নাই বাৰু?
বেচেৰা দাদা, বিমোৰত পৰিল!
আৰু শুণক দাদা, চৰকাৰী চাকৰিয়ালৰ চাকৰিৰ ১ মিনিটৰ ভৰষা নাই, কোনোবাই ১৯ ৰ পৰা ২০ কৰিলেই ইন্টাৰনেটৰ এই যুগত চাকৰিৰ পৰা হাত ধুব লাগিব। কিন্তু আমাক চাকৰিৰ পৰা খেদিবলৈ কোনো 'মাই কি লাল'ৰ দম নাই, যেতিয়ালৈকে ভাল Performance দি যাঁও। এটা কোম্পানী এৰিলেও বেলেগ এখনত আৰামত চাকৰি পাই যাম। কিন্তু চৰকাৰী চাকৰিয়াল এজনৰ চাকৰি গ'লে কি হ'ব, কিডাল কৰি খাব?
মই কোনোবা কোম্পানীত এবছৰ কাল কাম কৰিলে মোৰ Skill, Experience বাঢ়িব, Promotion, Increment হোৱাৰ সম্ভাৱনা আছে। কিন্তু চৰকাৰী বেতনভোগীৰ আছে জানো?
মই চৰকাৰী চাকৰিৰ বিৰোধী নহয়। যাৰ নিজৰ ওপৰত বিশ্বাস নাই সি কৰক চৰকাৰী চাকৰি, মোৰ নিজৰ ওপৰত বিশ্বাস আছে কাৰণেই আজি বুকু ফিন্দাই ক'ব পাৰিছো কথাখিনি।
যদি চৰকাৰী চাকৰি ইমানেই লাভৰ ব্যৱসায় হলহেঁতেন তেন্তে চৰকাৰী ডাক্তৰ বোৰে নিজৰ চাকৰি এৰি ব্যক্তিগত খণ্ডৰ হস্পিতালত দিন ৰাতি একাকাৰ কৰে কিয়? Freedom বোলা এটা বস্তু আছে, চিনি পাইনে? সেই Freedom ৰ বাবেই কিজানি।
শুণক দাদা, আপোনাৰ স্কুলত যিমান শিক্ষক আছে তাতকৈ বেছি মোৰ Employee আছে। আৰু কিবা শুনিবলৈ ধৈৰ্য্য আছেনে দাদা? কমনে আৰু?
এইখিনি Attitude এদিনতে গঢ় লৈ উঠা নাই দাদা, বহুত মেহেনতৰ ফলত সৃষ্টি হয় এনে Attitude.
দাদা, আপোনাৰ thinking capacity কিমানখিনি আপুনি সিমান দূৰ ভাবিৱ পাৰিছে, সেই গতিকে আপুনি মোক চৰকাৰী চাকৰি এটাৰ কাৰনে পৰামৰ্শ দিছে। চাওঁক, I don't care about চৰকাৰ, then why should I search for a চৰকাৰী চাকৰি?
(Disclaimer: ইয়াত কোনো চৰকাৰী চাকৰিয়ালক তুচ্ছ জ্ঞান কৰা হোৱা নাই। প্ৰত্যেকৰে নিজৰ নিজৰ ধ্যান ধাৰণা বেলেগ বেলেগ। নিজে কৰবাৰ গাতত পৰি থাকি লোকক হাক দিয়া ভাল মানসিকতাৰ লক্ষণ নহয়। দাদাৰ চৰিত্ৰটো কাল্পনিক)
