মোৰ ওপৰত এইটো অভিযোগ, মই হেনোঁ বহুত অহঙ্কাৰী। মই ডাঙৰক সন্মান সন্মান কৰিব নাজানো। মানুহক ভেড়াৰ দলৰ লগত তুলনা কৰো। কাকো খাতিৰ কৰি কথা নকওঁ।
মই ভাবো সমাজৰ সকলো সমস্যাৰ বিষয়ে লিখা উচিত, যি আপোনাৰ চকুৰ আগত সংগঠিত হৈ আছে। মোৰ লেখাবোৰ পঢ়ি আপোনাৰ ভাল লাগক অথবা বেয়া লাগক তাতে মোৰ কৰাৰ একো নাই! মোৰ লেখাবোৰ পঢ়ি কোনোবাই মোক সমালোচনা কৰিলেই কিন্তু সমাজখন পৰিৱৰ্তন হৈ নাযায়।
মোক মানুহে প্ৰায়ে মেছেজত সোধে তুমি ইমান বিতৰ্ক কৰি কি ভাল পোৱা? কিয় নকম? কিয় নিলিখিম সমাজখনৰ বিষয়ে? অামি এইখন সমাজ বা দেশৰ আংগ নহয়নে? সমাজখন আৰু দেশখন শান্তিপূৰ্ণ ভাৱে চলিছে নে?
মোক মানুহে প্ৰায়ে মেছেজত সোধে তুমি ইমান বিতৰ্ক কৰি কি ভাল পোৱা? কিয় নকম? কিয় নিলিখিম সমাজখনৰ বিষয়ে? অামি এইখন সমাজ বা দেশৰ আংগ নহয়নে? সমাজখন আৰু দেশখন শান্তিপূৰ্ণ ভাৱে চলিছে নে?
কোনোবাই কু-কৰ্মবোৰ প্ৰকাশ্যে কৰিব পাৰে, কিন্তু অামি কবলৈ গ’লেই লাগে কেনাটো! যিটো বস্তু যেনেকৈ চলি আছে তাক তেনেকৈ প্ৰকাশ কৰাত অসুবিধাটো ক’ত?
মই কাকো খাতিৰ কৰি তৈলমৰ্দন কৰিব নাজানো। নিম পাত তিতা হলেওঁ তেজ পৰিষ্কাৰ কৰাৰ কামত আহে। মই এটা কথাই জানো মোৰ কথাবোৰ দাপোন এটাৰ দৰে কাম কৰে, য’ত সমাজ খনে নিজৰ চেহেৰাটো দেখা পায়। অাৰু এজন কুতচিৎ চেহেৰাৰ ব্যক্তিৰ এই দাপোন খনৰ প্ৰতি যদি কিবা অভিযোগ থাকে তেন্তে তাতে মোৰ দোষ ক’ত?
যদি আপুনি মোৰ কথাবোৰ সহ্য কৰিব নোৱাৰে তেন্তে ইয়াৰ অৰ্থ এয়ে যে এইখন সমাজ সত্য সহ্য কৰাৰ যোগ্য নহয়।

মই সেইখন সমাজক কি সমালোচনা কৰিম, যি আগৰে পৰাই নগ্ন অবস্থাত আছে। নগ্ন সমাজক শাৰী পিন্ধোৱা কাম মোৰ নহয়। মই মোৰ লেখাৰ সহায়ত চকুমুদা কুলিৰ ভাও জুৰা সমাজ খনক এয়ে বাৰ্তা দিব বিচাৰো যাতে শয্যাশায়ী সমাজখন টোপনিৰ পৰা সাৰ পাই। মই একো নেদেখাৰ ভাও ধৰি চকু বন্ধ কৰি থাকিলেও মোৰ নিজৰ বিবেক খনক কি বুলি বুজাম?
(……. মণ্টোৰ ষ্টাইলত সমাজখনৰ বিষয়ে অলপ)