
এটা সময় আছিল। যেতিয়া কোনোবা মুছলমান ব্যাক্তিৰ ঘৰত সন্তানৰ জন্ম হ’লে ঘৰৰ কোনোবা পুৰুষে সন্তানৰ ওচৰত ঠিয় হৈ “আজান” দিছিল। যাতে সদ্য জন্ম লাভ কৰা সন্তানে জন্ম লাভ কৰিয়েই আল্লাহৰ গুণ গৰিমাৰ সৈতে চিনাকি হয়।
কিন্তু অতি পৰিতাপৰ বিষয়, বিগত দুটা দশক ধৰি এনে পৰম্পৰা ক্ৰমে বিলুপ্ত হৈছে। আজিকালি কৰোবাত দেখা পায়নে এনেকুৱা বিৰল দৃশ্য?
দেখা পাবইবা ক’ত? আজিকালি সন্তান জন্ম হয় কৰ্পৰেট হস্পিতালৰ বেডত। তাতে আল্লাহৰ কি প্ৰয়োজন? আশেপাশে উচ্চ ডিগ্ৰীধাৰী ডাক্তৰ অাছেই; আছে আৰ্টিফিচিয়েল অক্সিজেন।
সন্তানৰ জন্ম পোৱাৰ লগে লগেই ফটো এখন ক্লিক কৰি মোৰ দৰে মহাপণ্ডিতক ৱাটচআপ কৰি সুধিব, “অমুক আখৰেৰে ভাল নাম এটা দিবা”। কিন্তু আগৰ দিনত সন্তানৰ নামাকৰণৰ বাবে কোনোবা মুফতি, মৌলানা অথবা ইছলামৰ জ্ঞান থকা কোনোবা বিদ্বান লোকৰ ওচৰলৈ গৈছিল।
এইবোৰ হয়তো আপোনাৰ বাবে সৰু কথা কিন্তু, এইবোৰেই সামাজিক ব্যাধি। আপোনাৰ সন্তানে ফেচবুক, ৱাটচআপ নকৰিনো কিডাল কৰিব কওঁক? জন্মৰ পৰাই এই শিক্ষাই প্ৰদান কৰিছে! ফেশ্বন অাৰু ট্ৰেণ্ড ফ’ল’ কৰিবলৈ গৈ আমি পাহৰি গৈছো নিজৰ ধৰ্মীয় পৰম্পৰা।
সন্তানক যিমানে ডাঙৰ বিশ্ববিদ্যালয়ৰ শিক্ষা প্ৰদান নকৰক কিয়, এইবোৰ সৰুসুৰা কথাই মেটাৰ কৰে। ভাবি চাব।