দৃশ্যপট – ১
“বিগত ১২ বছৰে এই ঠাইত দোকান দি পৰিয়াল পোহ-পাল দি আহিছো। জীৱনত বহুতো উত্থান পতনৰ সন্মুখীন হৈছোঁ! কিন্তু বিগত তিনি মাহে বজাৰৰ যিটো অবস্থা, এনে অবস্থাৰ সন্মুখীন কোনোকালে হোৱা নাই। ব্যৱসায় বন্ধ কৰাৰ যেন উপক্ৰম ঘটিছে।”___এয়া চান্দমাৰিস্থিত এজন ফাৰ্ণিচাৰ বিক্ৰেতাৰ ভাষ্য।
মইঃ আচ্ছা, বজাৰৰ এনে মন্দাৱস্থাৰ বাবে কাক দায়ী কৰিব খোজে?
তেওঁঃ এই ক্ষেত্ৰত অবশ্যে চৰকাৰ খনকে দায়ী কৰিব লাগিব। চৰকাৰৰ নতুন মুদ্ৰা অাৰু কৰ নীতিৰ বাবেই অাজি দেশত এনে দুৰৱস্থা।
মইঃ “আচ্ছে দিন”ৰ আশাত আপোনালোকেই দেখোন নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি দলক দ্বিতীয় বাৰৰ বাবে শাসনৰ বাঘজৰীডাল হাতত তুলি দিছিল। এতিয়া দেশৰ আৰ্থিক অৱস্থা শোচনীয় কিয়? নোটবন্দীৰ সময়ত ব্যৱসায়ৰ অবস্থা বৰ্তমানৰ অৱস্থাৰ দৰেই আছিল নে?
তেওঁঃ নাই, সেই সময়ত অলপ অচৰপ প্ৰভাৱ পঢ়িছিল যদিও, কিন্তু আজিৰ অৱস্থাৰ দৰে পানীত হাঁহ নচৰা অৱস্থা নাছিল!
মইঃ অাৰু GST প্ৰৱৰ্তনৰ সময়ত?
তেওঁঃ তেতিয়াও কিন্তু ব্যৱসায়ৰ অবস্থা বৰ্তমানৰ দৰে নাছিল।

দৃশ্যপট – ২
“প্ৰত্যেক দিনাই মলখনত প্ৰায় ৪/৫ হেজাৰ লোকৰ সমাবেশ ঘটে। তাৰ ভিতৰত আমাৰ ষ্টোৰত ধৰি লওঁক ৩/৫ শ লোকৰ পদাংক (footfall)পৰে। তাৰ ভিতৰত এজন/দুজন গ্ৰাহকে হাতঘড়ী কিনে। অাৰু যিসকল লোকে কিনে তেওঁলোকৰ অধিকাংশ লোক অধিবাসী বা শিলঙৰ লোক; অসমীয়া মানুহৰ সংখ্যা খুবেই কম।”____এয়া জি. এছ. ৰোডস্থিত চেন্ট্ৰেল মলৰ এখন ব্ৰেণ্ডেড হাতঘড়ীৰ বিপণিৰ মেনেজাৰৰ ভাষ্য।
মইঃ এই কেইদিন বিক্ৰীৰ পৰিমাণ কেনেকুৱা?
তেওঁঃ মাৰ্কেট খুবেই বেয়া বিগত কেইমাহে। কিনো কম অাজি এতিয়ালৈকে (সময় তেতিয়া ৩টা) এটা বিক্ৰী নাই। বিগত কেইমাহমান ধৰি টাৰ্গেট ফুলফিল কৰিব পৰা নাই। এনেকুৱা অৱস্থা হৈছে ষ্ট’ৰৰ ভাড়া হাতৰ পৰা ভৰিবলগীয়া হৈছে। আৰুনো কি কম! খুবেই বেয়া মাৰ্কেট।
মইঃ মাৰ্কেটৰ এনে অবস্থাৰ কাৰণ কি বুলি ভাবে?
তেওঁঃ কিনো হ’ব। অত্যাৱশকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে অাৰু মানুহৰ হাতত টকা নাই। সেয়ে মানুহে খৰছ কৰিব পৰা নাই।
মইঃ দেশৰ বিভিন্ন প্ৰান্তত বহুত কেইখন ফ্ৰেঞ্চাইজী, ডিলাৰ বন্ধ হৈ পৰিছে, কৰ্মচাৰী সকলক বহিষ্কাৰ কৰা হৈছে। গুৱাহাটীতো হৈছে এনেকুৱা।
তেওঁঃ গোটেই দেশৰ ব্যৱসায় কেইজনমান মুষ্টিমেয় লোকে নিয়ন্ত্ৰণ কৰি আছে। টাটা, বিৰলা অম্বানি, আদানি আদি…
আপোনাৰ-মোৰ লগতে গোটেই দেশৰ লোকৰ উপাৰ্জিত ধনৰ খৰছৰ অংশীদাৰ Jio. পেটত ভাত থাকক বা নাথাকক Jio ৰ ডেটা থাকিবই লাগিব। নহলে দিন নচলে কাৰো। চাওঁক প্ৰতিমাহে ১৪৯ আপোনাৰ-মোৰ পকেটৰ পৰা সৰকাই নিছে অাৰু আমিও হাঁহি হাঁহি তুলি দিছো। এইবোৰেই ইহঁতৰ ব্যৱসায় কৌশল আৰু ইহঁতৰ আগত বেলেগ কোম্পানী তিস্তিব নোৱাৰি ব্যৱসায় বন্ধ কৰাৰ উপক্ৰম হৈছে।

অকল এই কেইজনেই নহয়, দিনটোত এনেকুৱা প্ৰায় ৮/১০ জন ব্যৱসায়ীৰ লগত লগ হয় যিসকলৰ ভাষ্য প্ৰায় এনেধৰণৰ।
দেশৰ আৰ্থিক মন্দাৱস্থাৰ বিষয়ে আৰুনো কি কম!!!
“আচ্ছে দিন” ঘূৰি আঁহক…..