এখন বিশেষ খুঁটা। য’ত বাংলা ভাষাত লিখা অাছে ” সন ১৩৩১ সাল, ১লা চৈত্ৰ”। উক্ত তাৰিখটো আজিৰে পৰা ৯৪ বছৰ আগতে কান্ধুলীমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মহান প্ৰতিষ্ঠাপক জনাব মৰহুম আলহাজ ছিৰাজুল ইছলাম চৰকাৰ চাহাবৰ ঘৰৰ এখনি খুঁটাত খোদিত কৰি ঘৰ খন প্ৰতিষ্ঠা কৰাৰ তাৰিখ মনত ৰখাৰ উদ্দেশ্যে লিখা হৈছিল। উল্লেখযোগ্য যে বৃটিছৰ শাসনকালত কুৰি শতিকাৰ ২য় দশকত পূৰ্ববংগৰ পৰা অসমলৈ আহিছিল ভূমিপুত্ৰ ৫ জন ভাই-ককাই যথাক্রমে— আলহাজ ইমান আলী চৰকাৰ, আলহাজ ছিৰাজুল ইছলাম চৰকাৰ, আলহাজ চাদক আলী মৰল, আলহাজ ছাবেদ আলী চৰকাৰ আৰু আলহাজ জুবেদ আলী চৰকাৰ। পূর্ববংগৰ মৈমনসিংহ জিলাৰ দৰিৰামপুৰ হাইস্কুলৰ পৰা তেখেতে এন্ট্ৰেন্স পৰীক্ষাত অবতীর্ণ হৈছিল। বৃটিছ শাসক থমাছ বাবিংটন মেকুলেৰ Filtration theory ৰ নীতি-নিৰ্দেশনাৰ নিয়ম অনুসৰি বচা বচা পৰিয়ালৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়াৰ যি ব্যৱস্থা বৃটিছে গ্রহণ কৰিছিল সেই থিয়ৰিৰ সূত্ৰ অনুসৰি চৰকাৰ ছাহাবে এটি প্রতিপত্তিশালী পৰিয়ালৰ পৰা উচ্চ শিক্ষা লবলৈ সুবিধা লাভ কৰিছিল। বিশ্ববিশ্রুত বিপ্লৱী কবি নজৰুল ইছলাম তেখেতৰ সহপাঠী আছিল।মানৰ আক্ৰমণ, ক’লা জ্বৰ, কলেৰা আদি মহামাৰীৰ প্ৰকোপত পৰি মৰিশালিৰ ৰূপ ধাৰণ কৰা এইখন শঙ্কৰ-আজানৰ দেশ অসমলৈ বৃটিছে পূৰ্ববংগৰ পৰা কঠোৰ পৰিশ্ৰমী বঙালী হিন্দু ও বঙালী মুছলমান জাতিৰ মানুহ অসম আবাদ কৰিবলৈ আনি ভূমি পট্টা দি বসতি স্থাপন কৰিবলৈ সুবিধা প্ৰদান কৰিছিল। সেই সময়ত অসমত বসবাস কৰি থকা অসমীয়াসকলে তেওঁলোকক নিজৰ ককাই ভাই দৰে গ্ৰহণ কৰি লৈছিল, কাৰণ পূৰ্ববংগীয় মানুহচাম আছিল কলীয়া ডাৱৰে আৱৰা অসমৰ অসমীয়া সকলৰ বাবে আপদৰ মাত ও কণাৰ লাখুটি স্বৰূপ। কালক্ৰমত সেইচাম পূর্ববংগীয় মূলৰ মানুহ অসমীয়া মূলৰ মানুহৰ লগত সকলো দিশতে সমিলমিলেৰে বসবাস কৰি শস্যশ্যামলাসোণৰ অসম গঢ়ি তুলিবলৈ প্ৰাণপণে চেষ্টা কৰি থকা পৰিলক্ষিত হৈছে।বাংলা ১৯৩১ চনত অৰ্থাৎ ইংৰাজী 1925 চনত (ভাৰতৰ স্বাধীনতাৰ ২২ বছৰ পূৰ্বে) টিন আৰু কাঠেৰে স্থাপন কৰা পুৰণি ঘৰখনৰ লগতে তেখেতে সেই সময়ত তেখেতৰ চোতালতে ইটা, বালি, হাঁহৰ কণী, মাটিমাহ আদিৰে (আহোম ৰজাৰ আৰ্হিত) সাজি উলিওৱা বৈঠক ঘৰৰ ভগ্নাৱশেষ আজিও তেখেতৰ চোতালত বিদ্যমান। উক্ত বৈঠক ঘৰত দিনৰ সময়ত তেখেতে উক্ত অঞ্চলৰ ৰাইজৰ মেল বিচাৰ সমাধান কৰিছিল আৰু ৰাতিৰ সময়ত সেই ঘৰ খন ব্যৱহাৰ কৰা হৈছিল দাৰুল হাদীছ পৰমাইভেটি ইছলামীয়া মাদ্ৰাছা অাৰু কান্ধুলীমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ সকলৰ ছাত্ৰাবাস হিচাপে। মানুহে সেই সময়ত উক্ত গৃহটোক জমিদাৰৰ লঙ্গৰখানা বুলি অভিহিত কৰিছিল। কেইবছৰমান আগতে উক্ত গৃহটোৰ পকীবেৰৰ ইটা বিলাক জহি খহি যাবলৈ ধৰাত উক্ত গৃহটো এৰাবাৰী হাফিজীয়া মাদ্ৰাছাত মৰহুম ছিৰাজুল ইছলাম চৰকাৰ চাহাবৰ নিজৰ ভতিজা তথা তুলনীয়া পুত্ৰ আলহাজ মনচুৰ আলী চাহাবে দান কৰি দিয়ে। আলহাজ মনচুৰ আলী চাহাব এজন সৰল প্ৰকৃতিৰ ধার্মিক মানুহ আছিল। তেখেত আজীৱন কান্ধুলীমাৰী ছিৰাজীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ দাতা সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি গৈছে। ২০১৮ চনৰ নবেম্বৰ মাহৰ ২২ তাৰিখে তেখেতে ইহ সংসাৰৰ পৰা চিৰ বিদায় লয়। ইমান দিনে ছিৰাজুল ইছলাম চৰকাৰ চাহাবে নিৰ্মাণ কৰা নিজৰ ঘৰ খনত তেখেতৰ পুত্ৰ মৰহুম আলহাজ মনচুৰ আলী চাহাবে নিজৰ সন্তানক লৈ বসবাস কৰি মৃত্যুবৰণ কৰে তাৰ পিছৰে পৰা সেই ঘৰটোত মনচুৰ চাহাবৰ কণিষ্ঠ পুত্ৰ ইমৰাণ হুছেইন চৰকাৰে বসবাস কৰি আছিল আৰু ৯৪ বছৰ পুৰণি ঘৰটোৰ জহি খহি যোৱা অৱস্থাৰ কাৰণে ইমৰাণে ঘৰটো ভাঙি নতুনকৈ বনোৱাৰ কাম আৰম্ভ কৰে। ঘৰটো ভঙাৰ সময়ত ওলোৱা সেই বিশেষ কাঠটুকুৰাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
ইমানখিনি তথ্য আৰু সমল থকা স্বত্বেও যেতিয়া ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সময়ত চৰকাৰ বংশৰ কোনোবা লোকে যদি নিজকে ভাৰতীয়, অসমীয়া বুলি প্ৰমাণ কৰিবলৈ ন্যায়ালয়ৰ দ্বাৰস্থ হ’বলগীয়া হয় সেয়া হ’ব অতিকৈ দুৰ্ভাগ্যজনক বিষয়!১৯৫১ চনৰ NRC কিম্বা ১৯৭১ চন ভোটাৰ তালিকাত এই সকল লোকৰ নাম অন্তৰ্ভুক্ত আছে নে নাই তাৰ প্ৰমাণ বহন কৰিছে সেই বিশেষ কাঠৰ টুকুৰাটোৱে!
তথ্যঃ “সোণালী জেউতি” কান্ধুলীমাৰী ছিৰাজীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহ উপলক্ষে প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ খনিত উদযাপন সমিতিৰ সভাপতি জনাব মস্কুৰ হুছেইন ছাৰে (মোৰ বৰদেউতাই) লিখা “স্মৃতিৰ জোলোঙাৰ পৰা” শীৰ্ষক লেখাটিৰ পৰা সংগৃহীত।