
পিছদিনা আমি আকৌ গৱেষণাৰ কামত কটহগুৰি গাৱঁলৈ গলো। তাতে গৱেষণাৰ কাম শেষ কৰি কালাম ভায়ে ক’লে ব’লা আমি হাতীমূৰীয়া গাঁৱত নতনকৈ স্থাপন হোৱা সংস্থাপিত গাঁৱ (Shelter Village) লৈ যাওঁ। সেই সময়ত অসমৰ ৰাজনৈতিক মহল আৰু সংবাদ মাধ্যমৰ শীৰ্ষত আছিল উক্ত গাওঁখনৰ কাহিনী। কাৰন বিভিন্ন সংবাদ মাধ্যমে মায়ংৰ হাতীমূৰীয়া গাঁৱৰ সেইখন চুবুৰিক “ৰাতিটোৰ ভিতৰতে গঢ়া অবৈধ বাংলাদেশীৰ গাঁও” বুলি প্ৰচাৰ কৰিছিল। সচাঁকৈ উক্ত গাঁৱৰ কাহিনী কি? সচাঁকৈয়ে মানুহবোৰ বাংলাদেশী নে? তাকে জানিবলৈ আমাৰো উৎসুকতা বাঢ়িল আৰু আমি খোজকাঢ়িয়ে ৰাওনা হ’লো সেইখন “বাংলাদেশী”ৰ গাঁৱলৈ।মই ভয়ত পেপুৱা লাগি কেমেৰাটো বেগত ভৰাই ভয় অাৰু সংকাত কালাম ভাইৰ ওচৰ পালোগৈ। এনেতে আমি গৈ গাওঁবুঢ়াৰ ঘৰত গৈ উপস্থিত হ’লোহি। গাওঁবুঢ়াৰ ঘৰত গৈ গম পালো যে উক্ত গাঁৱত মিডিয়াৰ লোকৰ প্ৰৱেশ সম্পূৰ্ণ ৰূপে নিষিদ্ধ। আনকি কেমেৰা লৈ কোনোবা মিডিয়াৰ লোকে সেই গাঁৱত প্ৰৱেশ কৰিলে কেমেৰা ভাঙি দি, মানুহবোৰক বান্ধি থৈ পুলিচক খবৰ দিয়াৰো নিৰ্দেশ আছে মৰিগাওঁ জিলা উপায়ুক্ত আৰু স্থানীয় বিধায়ক পিযুষ হাজৰিকাৰ। কথাখিনি শুনি মোৰ ডিঙি শুকাই যাওঁ যাওঁ অৱস্থা। কালাম ভাইৰ মূখলৈ চাই দেখো সমগ্ৰ কাহিনীটোৰ আঁৰৰ সত্য ঘটনাটো জনাৰ এটা কৌতুহল জাগিছে। মানুহবোৰে কিয় ইমান বেয়া পোৱা হৈছে মিডিয়াৰ লোকক?
এনেতে কোনোবাই মাত লগালে “এইবোৰ মিডিয়াৰ মানুহ, ধৰি কেমেৰা ভাঙি দে, ধৰ ইহঁতক!”
কালাম ভায়ে গাওঁবুঢ়া আৰু উপস্থিত লোকসকলক জনালে যে আমি কোনো মিডিয়াৰ মানুহ নহয়, গৱেষণাৰ কামত ওচৰৰ গাওঁখনলৈ আহিছিলো। সঘনাই খবৰত আপোনালোকৰ কথা পঢ়ি থাকো “হাতীমূৰীয়া গাঁৱত ৰাতিৰ ভিতৰত সংস্থাপিত হৈছে বাংলাদেশীৰ গাওঁ”, গতিকে আপোনালোকৰ বিষয়ে অলপ বিতংকৈ জানিবলৈ আমি আপোনালোকৰ ওচৰলৈ আহিছো। এই কথাখিনি শুনি গাওঁবাসী সকল যেন অলপ শান্ত হৈছে। উফঃ আমিও বাছিলো!
এই কথাখিনি শুনি এজন এজন কৈ আৰম্ভ কৰিলে তেওঁলোকক বাংলাদেশী সজোৱাৰ আঁৰৰ কাহিনী।
হাতীমূৰীয়া গাঁৱৰ এই বাসিন্দাসকল (২৬০ পৰিয়াল) প্ৰকৃততে ‘গাছবাৰী চৰ’ৰ বাসিন্দা আৰু বানপানীত সৰ্বস্ৰান্ত হৈ ওচৰৰে হিলৈখূন্দা গাঁৱত অস্থায়ী ভাৱে বসবাস কৰি আছিল। হিলৈখূন্দা গাঁওখন দৰং জিলাৰ মঙ্গলদৈ ৰাজহ চক্ৰৰ অন্তৰ্গত এখন চৰ গাঁও। দৰং জিলা প্ৰশাসনে মৰিগাওঁ জিলা প্ৰশাসনৰ লগত আলোচনা কৰি মৰিগাওঁ জিলাৰ এই লোকসকলক নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ আবেদন জনায়। কিন্তু ২০১৪ চনৰ প্ৰলয়ঙ্কাৰী বানপানীত গাছবাৰী চৰ মৰিগাওঁ জিলাৰ মানচিত্ৰৰ পৰা বিলীন হৈ ব্ৰহ্মপুত্ৰত জাঁহ যায়। এনেতে অসমত বিজেপি চৰকাৰ গঠন হয় আৰু দৰং জিলা প্ৰশাসনে এই লোকসকলক হিলৈখূন্দা গাঁৱৰ পৰাৰ পূৰ্ব নোটিচৰ ভিত্তিত উচ্ছেদ কৰে। গতিকে উচ্ছেদিত মানুহ সকলৰ পুনঃসংস্থাপনক লৈ মৰিগাওঁ জিলা প্ৰশাসন বৰ বিপাঙত পৰে। মৰিগাওঁ জিলা প্ৰশাসনে এই ২৬০ টা বন্যাত সৰ্বহাৰা লোক সকলক হাতীমূৰীয়াৰ চৰকাৰী চৰণীয়া পথাৰ (VGR/PGR Land)ত আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰে। কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে অসমৰ একাংশ সংবাদ মাধ্যমে ইয়াক বিকৃত ৰূপ দি এই বুলি প্ৰকাশ কৰিলে “ৰাতিটোৰ ভিতৰতে মৰিগাঁৱৰ মায়ঙৰ চৰকাৰী ভূমিত গঢ় লৈ উঠিল অবৈধ বাংলাদেশীৰ গাওঁ”, তাৰ পিছৰে পৰা সেই গাঁৱৰ লোকসকলৰ মাজত মিডিয়াক লৈ সৃষ্টি হৈছে আতংক।
তথ্যঃ Telegraph