ন্যায় পাবনে নিলোৎপল দাস আৰু অভিজিৎ নাথৰ পৰিয়ালে?



একো নহয় এইখন অসমত। একো নহয়।
সৌসিদিনা মে ২০১৭ ঘটনা। নগাঁৱৰ জাজৰি থানাৰ অন্তৰ্গত কাছমাৰিৰ ঘটনাটো মনত আছেনে? ক’তনো থাকিব! সেইযে গৰু চুৰৰ সন্দেহত নগাঁৱৰ নাৰমাৰীৰ দুই যুৱক আবু হানিফা আৰু আয়াজ উদ্দিন নামৰ ভাতৃদ্বয়ক কাছমাৰীৰ উত্তেজিত জনতাই গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি প্ৰানবায়ু কাঢ়ি লৈছিল।
কি হ’ল? হ’ল জানো একো? দোষীয়ে উচিত শাস্তি পালে জানো? 
ন্যায় পালেনে হানিফা হঁতৰ পৰিয়ালে?
১ আগষ্ট ২০১৭ ৰ ঘটনা। কোনোবা অচিনাকি দূৰ্বৃত্তৰ গুলিত প্ৰাণ হেৰুৱালে সংগ্ৰামী যুৱক, ABMSUৰ নেতা লাফিকুল ইছলাম আহমেদে। অসম চৰকাৰে CBI তদন্ত দিয়াৰ পাছতো এতিয়ালৈকে গ্ৰেপ্তাৰ নহ’ল এজনো অপৰাধী। ক’ত গল ন্যায়? পালেনে লাফিকুলৰ পৰিয়ালে ন্যায়? অপৰাধীয়ে উচিত শাস্তি পালে জানো?
আৰু এতিয়া, কাৰ্বি আংলংৰ ডকমকাত সোপাধৰাৰ সন্দেহত কাৰ্বি জনতাৰ অমাৱীয় অত্যাচাৰৰ বলি হৈ প্ৰাণ হেৰুৱালে গুৱাহাটীৰ উদীয়মান সংগীত শিল্পী নিলোৎপল দাস আৰু অভিজিৎ নাথে। ইতিমধ্যে ছছিয়েল মিডিয়াত সোপাধৰাৰ বাতৰি প্ৰচাৰ কৰা ব্যক্তিকে আদি কৰি, ঘটনাৰ সৈতে জৰিত থকা প্ৰায় প্ৰত্যেকজন দোষীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। কিন্তু প্ৰশ্ন হয়, গ্ৰেপ্তাৰ হোৱা লোক সকলে উচিত শাস্তি পাবনে? ন্যায় পাবনে দুই অসমীয়া ভাতৃয়ে?
নে তিনি মাহ হাজতত থাকি, জামিনত মুকলি আকাশৰ তললৈ আহি আকৌ একে কাৰ্য্যতে লিপ্ত হ’ব সেই নৰপিশাচৰূপী দানব কেইটাই? কাৰ্বি আংলং জিলা প্ৰশাসনৰ গা-এৰা মন্তব্যই কি উমান দিয়ে? আজি অসমীয়া ৰাইজ উত্তেজিত, ন্যায় বিচাৰি ৰাজপথলৈ ওলাই আহিছে। কিছুমানে আকৌ এই ছেগতে নিৰীহ কাৰ্বি লোকক মানসিক অত্যাচাৰ কৰিছে। কিন্তু ৬ মাহ পিছত যেতিয়া নতুন বছৰৰ আগমন ঘটিব, তেতিয়া সকলোৱে আন্দোলন, ন্যায় সকলো পাহৰি আকৌ ঢাপলি মেলিব কাৰ্বি আংলংৰ কান্ঠিলাংছু, ক’কা, পানীমূৰ, ভেলুঘাট আদি ঠাইত বনভোজৰ নামত ফটো উঠি ফেচবুকত আপলোড কৰি লোকক দেখুৱাবলৈ। সেই সময়ত কাৰ্বি লোকে তেওঁলোকক কৰা অপমানৰ পোঁতক তুলিবলৈ আকৌ যে অসমীয়াৰ ওপৰত আক্ৰমন নকৰিব, তাৰ কি ভৰষা আছে??
যিকি নহওঁক, দোষীয়ে উচিত শাস্তি পাওঁক আৰু এনে বৰ্বৰ কাণ্ড যাতে পুনৰায় নহয় তাৰে কামনা কৰো।
। জয় আই অসম ।