বন্ধু বুলিবলৈ বন্ধুৰ অভাৱ নাই, কিন্তু কিবা এটা ভাল গঠনমূলক আলোচনা (Creative Discussions) কৰিবলৈ Partnerৰ বহুত অভাৱ অনুভৱ কৰিছো!
উত্থান-পতন সকলো সময়তে সংগ দিব পৰা, মন্দাৱস্থাত সাহস দিব পৰা একোজন Partnerৰ বৰ অভাৱ অনুভৱ কৰিছো…
মোৰ সৈতে ভাষাৰ মিল থাকিলেও, ধাৰণাৰ মিল নাইকিয়া কাৰনেই হয়তো আজি এজন Partnerৰ বহুত অভাৱ অনুভৱ কৰি আছো!
সকলোৱে উৰিৱ বিচাৰে বহু ওপৰলৈ, কিন্তু সৰি পৰাৰ ভয়ত উৰিবলৈ সৎ সাহস কোনেও নকৰে! জীৱনত সফল, কৃতকাৰ্য্য, Successful সকলোৱেই হ’ৱ খোজে, সেয়ে হয়তো সকলো অৱতীৰ্ণ হৈ পৰিছে Percentage % আৰু এখন চাকৰি পোৱাৰ দৌৰত!
দেশখন কেতিয়াবাই স্বাধীন হ’ল, কিন্তু আমাৰ চিন্তাধাৰাবোৰে কেতিয়াও স্বাধীনতা লাভ নকৰিলে! চিন্তাধাৰাবোৰ এতিয়াও লোকৰ বশৱৰ্তী!
“ছবছে বৰা ৰোগ ক্যা কহেঙ্গে লোগ”
লোকৰ গোলামি কৰিহে আমাৰ ভাল লাগে! সেই কাৰনেই হয়তো সৈন্যৰ দৰে দিন-ৰাতি মেহনত কৰি প্ৰস্তুত কৰি আছো নিজকে!
আমি আজি নিজৰ উদ্ভাৱনী চিন্তাধাৰা/দক্ষতা (Innovative Skills) বিক্ৰি কৰি আছো Promotion আৰু Incrementৰ বিনিময়ত!
যিটো দক্ষতা, কৌশল, শক্তি আমি লোকক বিক্ৰি কৰি আছো হয়তো সেই শক্তি নিজৰ কামত খটূৱাই নিজেই এদিনাখন সৈন্য নহৈ সেনাপতি হ’ৱ পাৰিলো হয়!
কিন্তু, বুজায় কি লাভ?
“ষাড় গৰুৰ আগত টোকাৰী বজালে, ই শিং জোকাৰি ঘাঁহ খায়” গতিকে লাভ নাই, একো লাভ নাই! ভাল কথাত ভূতে কিলায়!
আমাৰ মাজত Percentageৰ অভাৱ থকা ব্যক্তি নাই ঠিকেই, কিন্তু সৎ সাহসী আৰু সু-বুদ্ধিৰ ব্যক্তিৰ ঠিকেই অভাৱ আছে!
কাকনো বুজাম, কোনে বুজি পাৱ??!!
I Need a Partner like Sergey Brin, Paul Allen, Jan Koum, Binny Bansal, Sandeep Tandon, Rohit Bansal, Ankit Bhatia…
