পবিত্ৰ মহৰম আৰু কিছু কথা…

মহৰম (مُحَرَّم‎‎) , ইছলামিক কেলেণ্ডাৰৰ প্ৰথম মাহ। ইছলামিক কেলেণ্ডাৰৰ চাৰিটা পবিত্ৰ মাহৰ ভিতৰত, ৰমজান মাহৰ পিছতে মহৰম হ’ল ইছলামৰ দ্বিতীয়টো পবিত্ৰ মাহ। মহৰম শব্দৰ অৰ্থ ‘নিষিদ্ধ অথবা বিৰত থকা’ (forbidden)
মহৰমৰ ১০ তাৰিখৰ দিনটোক ‘মুহাৰমে অশুৰা’ বুলি জনা যায়। আশুৰাৰ দিনা ছিয়া মুছলমান সকলে শোকত বিলাপ কৰে আৰু ছুন্নি মুছলমান সকলে দিনটো ৰোজা ৰাখে।
হাদীছত বৰ্ননা অনুসৰি, আশুৰাৰ দিনা হজৰত মুছা আৰু তেওঁৰ সতীৰ্থ সকলে ঈজিপ্তৰ অত্যাচাৰী ৰজাৰ অন্যায়-অত্যাৰৰ বিৰোদ্ধে জয়লাভ কৰিছিল; সেয়েহে শেষৰ নবী হজৰত মহম্মদ (ছঃ) আশুৰাৰ দিনা আৰু তাৰ আগৰ দিনা (৯ মহৰম, তছওৱাৰ দিনা) ৰোজা ৰখাৰ বিধান দিয়ে।
অন্যহাতে, মহৰমৰ ১০ তাৰিখে ছিয়া মুছলমান সকলে ইছলমাৰ আখিৰি পয়গম্বৰৰ মহম্মদ (ছঃ)ৰ চকুৰ মণি, সৰু নাতি হুছেইন আলী (ৰঃ)ৰ ‘কাৰবালা’ৰ যুদ্ধত এজিদৰ সেনাৰ হাতত শ্বহীদ হোৱাত আশুৰাৰ দিনা দুখত বিলাপ কৰে নিজকে উক্ত দুঃখৰ সমভাগী কৰিবলৈ নিজৰ গাত চাবুক মাৰা দেখা যায়। মহৰমে আশুৰাৰ দিনা মুলমান সম্প্ৰদায়ৰ লোকসকল সমস্ত স্ফূৰ্তি, উল্লাসৰ পৰা বিৰত থাকে আৰু হুছেইন আলী (ৰঃ)ৰ মৃত্যুৰ শোক পালন কৰে।
উৎসঃ Wikipedia